মানৱ সম্পদ আৰু অসমৰ নিবনুৱা সমস্যা

মাইন উদ্দিন: মা দেউতাই নিজৰ সন্তানক দেশৰ সুনাগৰিক হিচাবে গঢ় দিয়াৰ অন্তৰালত নিজৰ মনৰ মাজত লুকাই থকা হেঁপাহ পূৰণ কৰাৰ চেষ্টা কৰে। মোৰ মা দেউতা ও ব্যতিক্রম নাছিল কিয়নো মোকো এজন সুচিকিৎসক বনোৱাৰ সপোন ৰচিছিল কিন্তু কালৰ নির্মম প্রহাৰত সেই সপোন পূৰণত ব্যর্থ হৈছিলো কাৰণ মোৰ মনত অন্য্ কিবাই বাহ্ লৈছিল। আনৰ চাকৰি নকৰো , বেলেগক চাকৰিহে দিম সেয়া কাৰোবাৰ পৰা কাঢ়ি লৈ নহয় , নিজে চাকৰি উৎপাদন কৰিম। হয়তোবা সময়ে অলপ পলমকৈ হলেও মোৰ সঙ্গ দিলে আৰু দুই এটা চাকৰি দিয়াৰ সক্ষমতা দিলে।

Image may contain: plant, fruit and food

২০০৩ চনতে ecommerce ত MBA কৰাৰ পিছত বহু আগশাৰীৰ কোম্পানীৰ পৰা অফাৰ আহিছিল কিন্তু তাৰে ভিতৰত দুটা কোম্পানীত     ( হিন্দুস্তান লিভাৰ লিমিটেড আৰু টাটা মোটর্স লিমিটেড) ক্রমে ১ বছৰ আৰু ২ বছৰ আর্থিক অনাটানৰ অজুহাতত চাকৰি কৰিছিলো। ২০০৮ চনত অসমৰ পৰা প্রথম টো সামাজিক যোগাযোগ (social media ) মাধ্যমৰ আৰম্ভণি কৰিছিলো কিন্তু উপযুক্ত কৰ্মীৰ অভাৱত সেয়া ডেৰ বছৰতে বন্ধ কৰি দিবলৈ বাধ্য হৈছিলো। ইয়াৰ অর্থ এয়া নহয় যে অসমত কাম কৰিব পৰা মানুহৰ জন্ম নহয় কিন্তু যিসকলে কামৰ বাবে উপযুক্ত হৈ উঠে নিমিষতে অসম ত্যাগ কৰি দেশৰ অন্য্ প্রান্ত বা বিদেশত থিতাপি লয়।

আজি ন বছৰ পিছত আৰু এটা নতুন প্রজেক্ট আৰম্ভ কৰিছো (KharKhowa Bazar । খাৰখোৱা বজাৰ) যত অসমীয়া আৰু ইংৰাজী ভালকৈ জনা কিছুমান কৰ্মীৰ প্রয়োজন। ফেসবুক , টুইটাৰ আদিত বহু কেইবাৰ লিখিলো কিন্তু উপযুক্ত কর্মী এজন ও নাপালো। মই লগ পোৱা, আমাৰ ডেকা গাভৰু সকলৰ মাজত ভাষাজ্ঞান একেবাৰে নাই বুলি কলেও ভুল নহব।এতিয়া প্রশ্ন হয় – আমাৰ ল’ৰা ছোৱালী সকলে “মানৱ সম্পদ” হোৱাত ব্যর্থ কিয় ?
.
মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্ৰয়োজন- খাদ্য, আশ্ৰয়, বস্ত্ৰ আৰু অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানৰ উন্নয়ন সম্ভৱ হৈছে। কিন্তু উল্লেখযোগ্য যে পৃথিৱীত পোৱা যিকোনো বস্তুৱেই সম্পদ নহয়। সম্পদ হ’বলৈ ইয়াৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব। এনে দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থ-সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। সেয়ে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। উল্লেখযোগ্য যে প্ৰকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান-প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়।

এখন দেশৰ সামগ্ৰিক বিকাশৰ বাবে সংশ্লিষ্ট দেশখনৰ মানৱ সম্পদৰ উন্নয়নৰ প্ৰয়োজন।দেশ এখনৰ মানৱ সম্পদৰ বিকাশত উচ্চ-শিক্ষাৰ ভূমিকাক অস্বীকাৰ কৰিব নোৱাৰি। উচ্চ শিক্ষাই উন্নত কাৰিকৰী জ্ঞান সম্পন্ন লোক,পৰিচালনা দক্ষতাৰ অধিকাৰী ব্যক্তি,উচ্চ পৰ্যায়ৰ গৱেষক,বিজ্ঞানী আদিৰ সৃষ্টি কৰে আৰু মানৱ সম্পদৰ বিকাশ বাস্তবায়িত কৰে।কিন্তু কিমানদূৰ অসমৰ উচ্চ শিক্ষাই অসমৰ মানৱ সম্পদৰ বিকাশ সাধন কৰিছে সেয়া সন্দেহজনক। অপ্ৰিয় সত্য যে অসমৰ তত্ত্বসৰ্বস্ব শিক্ষা ব্যৱস্থাই মানৱ সম্পদৰ বিকাশ সাধন কৰাতকৈ মানৱ সম্পদৰ অপচয় সাধন কৰা পৰিলক্ষিত হৈছে। ফলত আমি শিক্ষিত নিবনুৱা নামৰ এচাম মানৱ সম্পদ(?) লাভ কৰিছো। ইয়াৰ অন্তৰালত বহুতো সমস্যা আছে যিবোৰে অসমৰ পটভূমিত উচ্চ শিক্ষা প্ৰকৃত লক্ষ্যত উপনীত হোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। অসমৰ নিবনুৱা সমস্যা ইতিমধ্যে অসমৰ এটা অত্যন্ত ভয়াবহ আৰু জ্জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে। কিন্তু ইয়াৰ উপাচাৰ কোনে কৰিব ?

Leave a Reply

Your email address will not be published. Required fields are marked *