থলুৱা অর্থনীতি আৰু নৱগঠিত খাৰখোৱা বজাৰ

বিজ্ঞান আৰু প্রযুক্তিৰ পয়োভৰযুক্ত আধুনিক সমাজত থলুৱা অৰ্থনীতিৰ অবনমনে বহুতকে এটা সময়ত মাটি ভেটিৰ পৰা উচ্ছন্ন কৰিব ,সেয়া ধুৰূপ সত্য কিন্তু এই সত্য অনুধাৱনকাৰীৰ পৰিমাণ আমাৰ অসম মূলকত নিচেই সীমিত। প্রাকৃতিক সম্পদৰে ভৰপুৰ আমাৰ অসম মাতৃক চুতৰ বগা বঙ্গালৰ দিনৰ পৰাই যি শোষণ নীতি জাপি দিয়া হৈছিল সেয়া এতিয়াও বিৰাজমান। আমি কেইজন মান ব্যক্তিয়ে দেশীয় আৰু আন্তঃৰাষ্ট্রীয় বণিক গোষ্ঠীৰ হাতোৰাৰ পৰা অসমৰ থলুৱা অর্থনীতিক উদ্ধাৰৰ পৰিকল্পনা কৰিছো। আমি এদিন বা দুদিন বা এবছৰ বা দুবছৰ নহয় সম্পূর্ণ ১০ বছৰীয়া নিঃস্বার্থ পৰিকল্পনা কৰিছো ।
আমি কৰিবলগীয়া ১০০ টা কামৰ কিছু অংশ তলত তুলি দিয়া হল –

.No automatic alt text available.
১. থলুৱা সামগ্রী ব্যৱহাৰৰ সজাগতা সৃষ্টি কৰা।
২. থলুৱাভাৱে উৎপাদিত সামগ্রী সমূহৰ নির্দিষ্ট মান (quality maintain) নিৰ্ধাৰণত সহায় কৰা।
৩. থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰ বজাৰ চিনাক্ত কৰা
৪. থলুৱাভাৱে উৎপাদিত সামগ্ৰী প্রত্যক্ষ ৰূপে বিক্রী কৰা আস্থান হিচাবে কাম কৰা হয়।
৫. কেঁচা সামগ্ৰীৰ সঠিক ব্যৱহাৰৰ প্রশিক্ষণ আৰু কার্যক্ষম কৰন
৬. থলুৱা উৎপাদিত সামগ্ৰীৰ তুলনামূলক অধ্যয়ন
৭.. পৰ্য্যায়ক্রমে বয়বস্তুৰ আমদানী সীমিতকৰন।
৮. স্বনিয়োজন গোট সমূহক বজাৰৰ ব্যৱহাৰিক অধ্যয়নত সহযোগ কৰা
৯. থলুৱা উদ্যোগ প্রতিষ্ঠাকাৰীক মানসিক আৰু আর্থিক সহযোগ প্রদান কৰা।
১০. কৃষিজাত সামগ্ৰীৰ সংৰক্ষন ভঁৰাল প্রতিটো গাওঁত হোৱাৰ ব্যৱস্থা কৰা।
.
+ ৯০ টা উদেশ্য/কাম আগত ৰাখি এক নীৰৱ শান্তিপূর্ণ অর্থনৈতিক বিপ্লৱৰ শঙ্খধ্বনি

Leave a Reply

Your email address will not be published. Required fields are marked *